Show/Hide Keyboard Layout

মদাৰ ফুল

- বিষ্ণুপ্ৰসাদ ৰাভা

মদাৰ ফুল ৰাঙলী বোল

আদৰ তোৰ নাই হে

বৰ বঙলাত সেই ফুলে

বৰ আদৰ পাই ৰে ।

 

আমি খাটি খোৱা মানুহ

জাতত আমাক হীন বুলি কয়

ফুল বাবু হ’লে বৰ মন পাই

কামত হ’লে একোৱেই নাই ৰে ।

 

বৰ বৰ মানুহৰ বান্দৰামিয়ে

আমাৰ জোৰ নেপাই হে

আমাৰ বাহুৰ বল মগজু বুদ্ধি

দুয়ো সমান্তৰাল ৰেখা ৰে ।।

Hits: 1389